মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ তথ্য-প্ৰযুক্তি অসম ইলেকট্ৰনিক্স উন্নয়ন নিগম পৰিসীমিত

অসম ই-ডিষ্ট্ৰিক্ট প্ৰকল্প

  • অসম ই-জিলা আচঁনি হৈছে ৰাষ্ট্ৰীয় ই-প্ৰশাসন আচনিৰ অধীনৰ এক মিশন মোড প্ৰকল্প। অই আচঁনি অসম চৰকাৰৰ তথ্য-প্ৰযুক্তি বিভাগৰ দ্বাৰা আৰম্ভ কৰা হৈছে। এই আচঁনিয়ে চৰকাৰ আৰু জনসাধাৰণৰ মাজত অন্তৰংগতা বৃদ্ধি মাধ্যমেৰে বাৰ্তালাপৰ অভিজ্ঞতা অধিক উন্নত মানদণ্ড সমৃদ্ধ কৰাৰ লক্ষ্য স্থিৰ কৰিছে। ইয়াৰ উপৰিও জিলা সমূহৰ কাৰ্যদক্ষতা বৃদ্ধি কৰি জনসাধাৰণলৈ যতি নপৰা সেৱা প্ৰদানৰ বিষয়টো ইয়াৰ প্ৰধান লক্ষ্য হিচাপে গ্ৰহণ কৰা হৈছে। ই-জিলা আচঁনিয়ে ৰাজ্যৰ ২৭ খন জিলাতে চৰকাৰী সেৱাসমূহ আগবঢ়োৱাৰ আচঁনি গ্ৰহণ কৰিছে। এই প্ৰক্ৰিয়াৰে প্ৰত্যেক ব্যক্তিয়ে তেওঁৰ স্থানীয় অঞ্চলত ইণ্টাৰনেট, অৰুণোদয় সাধাৰণ সেৱা কেন্দ্ৰ, সাৰ্বজনীন সুবিধা কেন্দ্ৰৰ সেৱাৰ মাধ্যমেৰে চৰকাৰী সেৱাৰ বিষয়ে সকলোখিনি জনাৰ উপৰিও ইয়াৰ লাভ গ্ৰহণ কৰিব পাৰিব। নাগৰিককেন্দ্ৰীক সেৱাসমূহ বৈদ্যুতিন মাধ্যমেৰে জনসাধাৰণলৈ আগবঢ়োৱা কাৰ্যই এক বহনযোগ্য খৰচত এই সেৱাৰ দক্ষতা, স্বচ্ছতা আৰু নিৰ্ভৰযোগ্যতা সুনিশ্চিত কৰিব।



    অতিৰিক্ত...

    প্ৰযুক্তিগত গঠন/স্থাপত্য: ই-ডিষ্ট্ৰিক্ট আচঁনিয়ে এন-টায়াৰ আৰ্কিটেক্সাৰ গঠন অনুসৰণ কৰে আৰু ৰ দৰে প্ৰোটোকল সমূহৰ ওপৰত ভিত্তি কৰি নিজৰ কাৰ্য্যসমূহ সম্পন্ন কৰে। এচডিসিৰ দ্বাৰা হোষ্ট হোৱা এই চফটৱেৰৰ দ্বাৰা বিভিন্ন কৰ্মচাৰীসকলৰ বাবে সেৱাসমূহৰ ভূমিকা, দায়িত্ব, ধৰণ আদিৰ সাৱলীল বিৱৰণ লাভ কৰিব পাৰি।


    ই-ডিষ্ট্ৰিক্ট প্ৰকল্পৰ অধীনত, সামৰ্থ্য গাঢ়ন এক মূল বিষয়বস্তু হিচাপে পৰিগণিত। এই আচঁনিৰ অধীনতে বিভিন্ন স্তৰৰ কৰ্মচাৰীসকলৰ দায়িত্বসমূহৰ ওপৰত ভিত্তি কৰি ৰাজ্যজুৰি জিলাসমূহত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।





    চিএচচি অপাৰেটৰ প্ৰশিক্ষণৰ প্ৰত্যাশিত সুবিধাসমূহ:


    ই-ডিষ্ট্ৰিক্ট প্ৰকল্পৰ বাবে পৰামৰ্শদাতাৰ মাধ্যমেৰে প্ৰকল্প পৰিছালনাৰ পৰামৰ্শ:

    ভাৰত চৰকাৰে ই-ডিষ্ট্ৰিক্ট প্ৰকল্পৰ বাবে পৰামৰ্শদাতা সংস্থাৰ মাধ্যমেৰে প্ৰকল্প ব্যৱস্থাপনাৰ পৰামৰ্শ প্ৰদান কৰিছে। উইপ্ৰো নামৰ চফটৱেৰ সংস্থাক অসম ই-ডিষ্ট্ৰিক্ট প্ৰকল্পৰ ৰাজ্যিক প্ৰকল্প পৰিচালনা সমিতি হিচাপে গণ্য কৰা হৈছে। তদুপৰি, কাৰ্য প্ৰবাহ চুড়ান্তকৰণ, ব্যৱসায়িক প্ৰক্ৰিয়া পুনৰ উদ্ঘাটন আদিৰ বাবে এই সংস্থাই দায়ী।