দুৰসঞ্চাৰ আৰু আইটি ডমেইনৰ সমাধান দিয়াৰ ক্ষেত্ৰত দুই দশকতকৈ ও অধিক অভিজ্ঞতাৰ সৈতে, এমট্ৰনক ১৯৮৪ চনৰে পৰা উত্তৰ-পূব ভাৰতৰ চফটৱেৰ সেৱা প্ৰদানকাৰী কোম্পানীসমূহৰ ভিতৰত অন্যতম হিচাপে গণ্য কৰা হয়। বৰ্তমান সময়ত, যিকোনো তথ্য-প্ৰযুক্তি গতিবিধিৰ বাবে এমট্ৰন এক অপৰিহাৰ্য্য অংগ, লাগে সেয়া পৰামৰ্শ, নক্সা, মাণকৰণ হওক বা উত্তৰ-পূৰ্বাঞ্চলত তথ্য-প্ৰযুক্তিৰ বুনিয়াদি গঠনেই হওক।
মুকলি উৎসৰ ব্যৱহাৰৰ দ্বাৰা এমট্ৰনে উত্তৰ-পূব ভাৰতৰ বিভিন্ন কোম্পানীসমূহক প্ৰযুক্তিৰ ক্ষেত্ৰত সমাধান আৰু চফটৱেৰৰ বিকাশ কৰি আহিছে। ভিঅ’আইপি প্ৰযুক্তিৰ ব্যৱহাৰেৰে সমাধান তথা বিকাশ কৰিব পৰা কিছু বৃত্তিধাৰী লোকৰ একোটা দল প্ৰস্তুত কৰি, এমট্ৰনে বহু সংস্থানৰ কাৰণে প্ৰযুক্তিগত সমাধানৰ বিকাশ ঘটাইছে।
এমট্ৰনৰ মূল তথা কেন্দ্ৰীয় উদ্দেশ্য হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ মাজত গুণগত চফটৱেৰ সেৱা প্ৰদান কৰা। যোৱা কেইবছৰমান ধৰি, প্ৰতিযোগীতা বৃদ্ধি আৰু বজাৰত অংশীদাৰী বৃদ্ধিৰ বাবে, প্ৰতিষ্ঠানসমূহত প্ৰযুক্তি আৰু সেৱা প্ৰদানৰ ক্ষেত্ৰত এমট্ৰনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ইয়াৰ সাধাৰণ একীকৰণ পদ্ধতিয়ে যিকোনো আচনিৰ খৰচক প্ৰভাৱী আৰু কাৰ্যকাৰী কৰি তোলে যিয়ে ইয়াক উত্তৰ-পূবৰ বৈদ্যুতিন পৰিসৰত এক মহত্বপূৰ্ণ শক্তি হিচাপে চিহ্নিত কৰে।