ইলেকট্ৰনিক্স পণ্য, বগা-কলা আৰু ৰঙীন টেলিভিছনৰ তৈয়াৰীকৰণৰ সৈতে অসম বৈদ্যুতিন বিকাশ নিগম লিমিটেডে ১৯৮৪ বৰ্ষত উত্তৰ-পূৰ্বাঞ্চলত নিজৰ জয়যাত্ৰাৰ শুভাৰম্ভ কৰিছিল।
অতিৰিক্ত...
অসম চৰকাৰে ৰাজ্যত আইচিটি ৰ বিকাশৰ ওপৰত জোৰ দিয়াৰ উদ্দেশ্য আগত ৰাখি ২২ আগষ্ট, ২০০৩ তাৰিখে অধিসূচনা সংখ্যা: এ.আৰ. ১/২০০৩/৬৫ অনুযায়ী বেলেগকৈ এক তথ্য-প্ৰযুক্তি বিভাগৰ সঞ্চাৰ কৰিছিল। এই বিভাগ গঠন হোৱাৰ পিছত, অসম বৈদ্যুতিন বিকাশ নিগম লিমিটেডক শিল্প আৰু বাণিজ্য বিভাগৰ পৰা স্থানান্তৰিত কৰা হয় আৰু এই বিভাগৰ অধীনস্থ কৰা হয়। তাৰোপৰি, অসম চৰকাৰৰ তথ্য-প্ৰযুক্তি বিভাগৰ অন্তৰ্গত অসম ৰিমোট সেন্সিং আবেদন কেন্দ্ৰক স্থানান্তৰিত কৰি এমট্ৰনৰ প্ৰশাসনিক কৰ্তৃত্বৰ অন্তৰ্ভূক্ত কৰা হয়।