মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ তথ্য-প্ৰযুক্তি অসম ইলেকট্ৰনিক্স উন্নয়ন নিগম পৰিসীমিত

শিক্ষণ ও প্ৰশিক্ষণ

  • মূল বিষয়:

    • এমট্ৰনে বিভিন্ন কম্পিউটাৰ পাঠ্যক্ৰমৰ লগতে এনআইআইএলটিৰ পাঠ্যক্ৰম (অ’, এ আৰু বী স্তৰৰ)ৰো আয়োজন কৰে।
    • প্ৰশিক্ষণ পাঠ্যক্ৰম, গ্ৰাহক বা সংস্থা সম্পৰ্কীয় যিকোনো তথ্যৰ বাবে শিক্ষা আৰু প্ৰশিক্ষণ বিভাগৰ সৈতে যোগাযোগ কৰিব পাৰে। (মৌখিক/লিখিত)
    • প্ৰপত্ৰ পূৰণৰ ক্ষেত্ৰত সদায় বৰফলা আখৰ ব্যৱহাৰ কৰিব।
    • প্ৰ-পত্ৰৰ সকলো খালী ঠাই সঠিক তথ্যৰে পূৰণ কৰাটো জৰুৰী।
    • অনলাইন লেনদেনৰ সংযোগ অতি সোনকালে কৰাৰ ব্যৱস্থা কৰা হৈছে।
    • কেৱল পাচপোৰ্ট ফটো আৰু বয়সৰ প্ৰমাণ-পত্ৰৰ প্ৰয়োজন।

    অৱলোকন

    উত্তৰ-পূৰ্বাঞ্চলত কম্পিউটাৰ সজাগতা আৰু মানদণ্ডপূৰ্ণ শিক্ষা ব্যৱস্থা গঢ় দিয়াৰ উদ্দেশ্যে এমট্ৰনে কম্পিউটাৰ সাক্ষৰতাৰ ওপৰত সবাতোকৈ অধিক গুৰুত্ব প্ৰদান কৰিছে। এমট্ৰনে নিজা নামৰ অধীনত কম্পিউটাৰ শিক্ষাৰ উপৰিও ইয়াৰ নিজা পৰিধিৰ ভিতৰত অ’, এ আৰু বী পাৰ্যায়ত এনআইআইএলটিৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। এমট্ৰনে শিক্ষাবিদসকলৰ সহযোগত মুকলি উৎস, নেটৱৰ্কিং আৰু মাল্টিমিডিয়া ৰ দৰে উচ্চ মানদণ্ডৰ প্ৰশিক্ষণ আগবঢ়োৱাৰ অভিলাষী আচঁনি আৰম্ভ কৰাৰ সিদ্ধান্ত হাতত লৈছে।

    প্ৰ-পত্ৰ পূৰণৰ নিৰ্দেশনা

    প্ৰশিক্ষণ পাঠ্যক্ৰম, গ্ৰাহক বা সংস্থা সম্পৰ্কীয় যিকোনো তথ্যৰ বাবে শিক্ষা আৰু প্ৰশিক্ষণ বিভাগৰ সৈতে যোগাযোগ কৰিব পাৰে(মৌখিক/লিখিত)। তাৰ পিছত, এই বিভাগে পাঠ্যক্ৰম শুল্ক, পাঠ্যক্ৰমৰ সময়সীমা, দলৰ আকাৰ আদি তথ্যৰে এক প্ৰস্তাৱ প্ৰস্তুত কৰে আৰু গ্ৰাহকৰ ওচৰত জমা দিয়ে।প্ৰ-পত্ৰ পূৰণ কৰোতে মানি চলিবলগীয়া নিৰ্দেশনা তলত দিয়া ধৰণৰ-:

    • প্ৰ-পত্ৰ পূৰণ কৰোতে বৰফলা আখৰ ব্যৱহাৰ কৰিব।
    • প্ৰ-পত্ৰ পূৰণৰ সময়ত প্ৰতিটো শব্দৰ পিছত একোটাকৈ খালী ঠাই ৰখাটো বাঞ্চনীয়।
    • সকলো খালী ঠাই নিৰ্ভূল তথ্যৰে পূৰণ কৰাটো জৰুৰী।

    ফ্ৰেনচাইজী প্ৰ-পত্ৰ:

    পাঠ্যক্ৰম: http://et.amtron.in/amtron_course.pdf

    প্ৰমানপত্ৰ আৰু ডিপ্ল’মা পাঠ্যক্ৰম: http://et.amtron.in/Fee_Structure.pdf

    ফ্ৰেনচাইজী প্ৰ-পত্ৰ:

    আবেদন মাচুল: ১০০০ টকা

    পঞ্জীয়ন মাচুল: ২০,০০০ টকা

    • পঞ্জীয়ন মাচুল এবাৰতে বা ১০,০০০ টকাকৈ দুটা কিস্তিত পৰিশোধ কৰিব পাৰি।
    • একেবাৰতে মাচুল পৰিশোধ কৰাসকললৈ ৫০০ টকাৰ ৰেহাইৰ ব্যৱস্থা আছে।

    মাচুল

    অনলাইন লেনদেনৰ সংযোগ অতি সোনকালে কৰাৰ ব্যৱস্থা কৰা হৈছে।

    আৱশ্যকীয় নথি-পত্ৰ

    দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠান, গুৱাহাটী বিশ্ববিদ্যালয়

    • আবেদনকাৰীৰ চহী থকা দুকপি পাচপোৰ্ট আকাৰৰ ফটোগ্ৰাফ
    • স্নাতক পৰীক্ষাৰ নম্বৰ তালিকাৰ প্ৰত্যায়িত কপি
    • গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ন প্ৰমানপত্ৰৰ প্ৰত্যায়িত কপি (গ্গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে)

    এনআইআইএলটি অ’ পৰ্যায় পাঠ্যক্ৰম

    • ১০+২, স্নাতক, অ’ পৰ্যায়, বহুশিল্প ডিপ্ল’মাৰ প্ৰমাণপত্ৰ গাঠিঁ দিব লাগিব।
    • বয়সৰ প্ৰমাণপত্ৰ।

    এনআইআইএলটি ‘এ’ আৰু ‘বী’ পৰ্যায়ৰ পাঠ্যক্ৰম

    • স্নাতক, অ’ পৰ্যায়, বহুশিল্প ডিপ্ল’মাৰ প্ৰমাণপত্ৰ গাঠিঁ দিব লাগিব।
    • বয়সৰ প্ৰমাণপত্ৰ।

    এমট্ৰন পাঠ্যক্ৰম (CCA, C / C++, Web Page Design, Linux, Java)

    • শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ।
    • বয়সৰ প্ৰমাণপত্ৰ।

    ফ্ৰেনচাইজী প্ৰ-পত্ৰ

    • শিক্ষাগত প্ৰমাণপত্ৰ
    • পাচপোৰ্ট ফটো (সৰ্বাধিক 50KB)
    • চহী (সৰ্বাধিক 20KB)

    কেনেকৈ আবেদন কৰিব

    • প্ৰ-পত্ৰ পূৰণ কৰক।
    • ওপৰত উল্লিখিত নিৰ্দেশনাসমূহ পালন কৰক।
    • প্ৰয়োজনীয় নথি-পত্ৰসমূহ গাঁথি দিয়ক।
    • মাচুল পৰিশোধ কৰক।

    সেৱাৰ প্ৰকাৰ

     

    পূৰণ কৰিবলগীয়া প্ৰ-পত্ৰ

    Application Form for BCA & BSc-IT of IDOL, GU
    DOEACC 'O' level Admission Form
    DOEACC 'A' & 'B' level Admission Form
    Application Form for AMTRON Courses
    Franchisee Form

    যোগাযোগ কৰক

    শিক্ষা আৰু প্ৰশিক্ষণ শাখা, গুৱাহাটী
    অসম ইলেকট্ৰনিক্স উন্নয়ন বিকাশ নিগম লিমিটেড (এমট্ৰন)
    ঔদ্যোগিক পাম, বামুণীমৈদান, গুৱাহাটী- ৭৮১০২১
    education@amtron.in, দুৰভাষ: +৯১-০৩৬১-২৭২৪২০৯

    শিক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰ, যোৰহাট
    প্ৰিন্স অৱ ৱেলস পলিটেকনিকৰ সমীপত
    গড়ালি, যোৰহাট – ৭৮১০০৫
    amtron.jht@gmail.com, দুৰভাষ- +৯১-০৩৬৭-২৩০৪৩০৫

    জিলা কম্পিউটাৰ কেন্দ্ৰ, কামৰূপ
    টি.চি. বালিকা উচ্চ মাধ্যমিক আৰু মাধ্যমিক বিদ্যালয় চৌহদ
    গুৱাহাটী- ৭৮১০০৩, অসম

    জিলা কম্পিউটাৰ কেন্দ্ৰ, যোৰহাট
    চৰকাৰী মাধ্যমিক বালক বিদ্যালয়
    যোৰহাট- ৭৮৫০০১, অসম

    জিলা কম্পিউটাৰ কেন্দ্ৰ, যোৰহাট
    চৰকাৰী মাধ্যমিক বালক বিদ্যালয়
    যোৰহাট- ৭৮৫০০১, অসম

    শিক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰ, উত্তৰ গুৱাহাটী
    টাউন সমিতি বিল্ডিঙ, দ্বিতীয় মহলা
    মধ্যমখণ্ড, শিলশাঁকো, কামৰূপ- ৭৮১০৩০

    শিক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰ- মিৰ্জা
    পলাশবাৰী ৰাজহ কাৰ্যালয় প্ৰাংগন,
    মিৰ্জা, কামৰূপ (গ্ৰাম্য) – ৭৮১১২৫