চৰকাৰী বিদ্যালয়সমূহৰ পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থী সকলক বিনামূলীয়া কম্পিউটাৰ শিক্ষা প্ৰদানৰ উদ্দেশ্যে ২০০৩ বৰ্ষৰ পৰা অসম চৰকাৰে এই আৰজিচিএলপি আচঁনিৰ অৱতাৰণা কৰিছিল। বৰ্তমানে শিক্ষা বিভাগৰ অধীনস্থ এই আচনিয়ে ১৬১০ খন উচ্চতৰ মাধ্যমিক/উচ্চ মাধ্যমিক আৰু হাই মাদ্ৰাছা বিদ্যালয়ৰ ১০,০০,০০০ তকৈও অধিক শিক্ষাৰ্থীক উপকৃত কৰাবলৈ সক্ষম হৈছে।
এই আচনি এক পৰ্যায় ভিত্তিত আৰম্ভ কৰা হৈছিল, সেইসমূহ তলত দিয়া ধৰণৰ:
ভাৰত চৰকাৰৰ অধীনস্থ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ উদ্যোগত ২০০৯ বৰ্ষৰ পৰা ৬৪১ খন উচ্চ মাধ্যমিক বিদ্যালয়ত আইচিটি আচঁনিৰ প্ৰৱৰ্তন কৰা হৈছিল।
যিহেতু, আৰজিচিএলপি ত থকা সকলো উপাদান আইচিটি আচনিত নাই, সেইবাবে অসম চৰকাৰে আৰজিচিএলপি আচনিৰ চতুৰ্থ পৰ্যায়ৰ সম্প্ৰসাৰণৰ বাবে আইচিটিৰ জৰিয়তে ধন সংগ্ৰহৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰজিচিএলপিৰ অন্তৰ্নিহিত লাভালাভ গ্ৰহণ কৰোৱাৰ উদ্দেশ্যে অসমৰ ৬৪১ খন উচ্চ মাধ্যমিক বিদ্যালয়ত আইচিটি প্ৰকল্পৰ সূচনা কৰা হৈছিল। তাৰোপৰি, এমএইছাৰডি ৰ সংশোধিত আইনৰ অধীনত ২২০৯ খন বিদ্যালয়ত আইচিটি আচঁনিৰ শুভাৰম্ভ কৰা হৈছে।
অসম চৰকাৰৰ পূৰ্ব প্ৰস্তুত সূচী অনুসাৰে বিদ্যালয়সমূহত আৰজিচিএলপি আৰু আইচিটি আচঁনিৰ প্ৰৱোগ কৰা হয়:
আৱৰি ৰখা বিদ্যালয়ৰ সংখ্যা: | ৩৫৩২ |
প্ৰশিক্ষিত শিক্ষকৰ সংখ্যা: | ১,০০,১৮০ |
শিক্ষাৰ্থীৰ সংখ্যা: | ১,৩২, ৭৪,৮৫০ |
আইচিটি আচঁনি চলি থকা বিদ্যালয়ৰ সংখ্যা: | ২২০৯ |