ডিজিটেল সাক্ষৰতা কাৰ্য্যক্ৰমৰ মূল লক্ষ্য হৈছে প্ৰযুক্তিৰ ব্যৱহাৰেৰে ডিজিটেল দিশৰ ৰিক্তস্থানৰ পূৰণৰ বাবে সাঁকোবন্ধন কৰা আৰু চৰকাৰৰ আঁচনি তথা কাৰ্যাৱলীসমূহৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰা।
অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই ৰাজ্যৰ প্ৰতিটো সমস্তিতে এটাকৈ ১২৬ টা গ্ৰাম পঞ্চায়তত এই ডিজিটেল সাক্ষৰতা কাৰ্যসূচী ২০১৬ বৰ্ষৰ ২৪ আগষ্ট তাৰিখে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। এই কৰ্যসূচীৰ অধীনত প্ৰথম এশদিনৰ কৰ্যসূচীৰ অংশ স্বৰুপে ১২৬ টা গাওঁ পঞ্চায়ত নিৰ্বাচিত কৰা হয়। এই প্ৰক্ৰিয়া সমগ্ৰ ৰাজ্যত অনাগত সময়লৈ চলি থাকিব।
প্ৰশিক্ষণ পাঠ্যক্ৰম:
ডিজিটেল সাক্ষৰতাৰ অনুকৰণ | ডিজিটেল উপকৰণ, ই-মেইল, ইণ্টাৰনেটৰ ব্যৱহাৰৰ ওপৰত প্ৰশিক্ষণ |
সময়সীমা | প্ৰতি স্বত্বভোগী অনুযায়ী ২০ ঘণ্টাকৈ (২ ঘণ্টা/দিন x ১০ দিন) |
যোগ্যতাৰ মানদণ্ড | স্বত্বভোগী ১৪-৬০ বছৰৰ ভিতৰৰ আৰু ডিজিটেলভাৱে অশিক্ষিত হোৱাটো বাঞ্চনীয় |
পঞ্জীকৰণ | প্ৰশিক্ষণ কেন্দ্ৰৰ দ্বাৰা অনলাইন পঞ্জীয়ন |
ৰাষ্ট্ৰীয় ডিজিটেল সাক্ষৰতা অভিযান ২০২০ বৰ্ষৰ ভিতৰত দেশৰ প্ৰতিটো পৰিয়ালৰে অন্ততঃ এগৰাকীকৈ সদস্যক ডিজিটেল সাক্ষৰতাৰ কৌশলেৰে শিক্ষিত কৰি তোলাৰ লক্ষ্য আগত লৈ আৰম্ভ কৰা হৈছে আৰু অনাগত কিছু বৰ্ষৰ ভিতৰত এই আঁচনিয়ে ২৫০ মিলিয়ন ব্যক্তিৰ জীৱন স্পৰ্শ কৰিব বুলি আশা কৰা হৈছে।
ৰাষ্ট্ৰীয় ডিজিটেল সাক্ষৰতা অভিযান হৈছে প্ৰতিটো পৰিয়ালৰ একোগৰাকীকৈ সদস্যক ডিজিটেল দিশত শিক্ষিত কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ এক প্ৰয়াস। ক্ৰমান্বয়ে গুৰুত্ত বৃদ্ধি পাই আহিবলৈ ধৰা ডিজিটেল পৃথিৱীত পৌঢ়সকলৰ যোগাযোগ ৰক্ষা কৰাত সহায় কৰাই এই আঁচনিৰ লক্ষ্য। ই-প্ৰশাসন আৰু ই-বাণিজ্যৰ হিত সাধনৰ অৰ্থে ভাৰত চৰকাৰে ডিজিটেল সাক্ষৰতা অভিয়ান (ডিআইএচএইচএ) বা ৰাষ্ট্ৰীয় ডিজিটেল সাক্ষৰতা অভিযান (এনডিএলএম) ৰ গঢ় দিছে আৰু এই আঁচনিলৈ সমৰ্থন আগবঢ়াই অসম চৰকাৰে এনডিএলএম আৰু ডিআইএচএইচএ ৰ অধীনত ইতিমধ্যে ৰাজ্যত ডিজিটেল সাক্ষৰতা কাৰ্যসূচী আৰম্ভ কৰিছে।