এমট্ৰন তথ্য কেন্দ্ৰ (Data Center) হৈছে ৯৯.৭ শতাংশ প্ৰত্যাশিত উপলব্ধতাৰে এটা দ্বিতীয় পৰ্যায়ৰ তথ্য কেন্দ্ৰ। এমট্ৰন তথ্য কেন্দ্ৰই ১০৫ টা চাৰ্ভাৰৰ যোগেদি সমগ্ৰ নেটৱৰ্ক সেৱা আগবঢ়োৱাৰ লগতে এক সবল সুৰক্ষা ব্যৱস্থা গঢ়ি তুলিছে। ইয়াৰ সকলো নেটৱৰ্ক ব্যৱস্থা যিকোনো ধৰণৰ ব্যৰ্থতা প্ৰতিৰোধ কৰিব পৰাকৈ গঢ়ি তোলা হৈছে।
এমট্ৰন তথ্য কেন্দ্ৰয়ে SSDG, AOP, CCTNS, ই-ডিষ্ট্ৰিক্ট, Electrical Licensing, SSA, GMC ইত্যাদি ই-শাসন আচঁনি সামৰি লৈছে আৰু এই সেৱা সপ্তাহৰ প্ৰত্যেক দিনাই ২৪ ঘণ্টাধৰি উপলব্ধ। ই সম্পূৰ্ণৰূপে ক্লাউড সক্ষম আৰু ইয়ে সেৱা হিচাপে আধাৰিক সংৰচনাৰ যোগান ধৰিব পাৰে। এমট্ৰন তথ্য কেন্দ্ৰই ই-শাসন আচঁনিৰ বাবে ৰাষ্ট্ৰীয় জ্ঞান নেটৱৰ্কৰ পৰা ১ গিগাবাইট প্ৰতি ছেকেণ্ড ক্ষমতাসম্পন্ন ইণ্টাৰনেট বেণ্ডউইথ ব্যৱহাৰ কৰিছে আৰু ২০০ মেগাবাইট আৰু ১৫৫ মেগাবাইট অন্য যোগান কাৰীৰ পৰা সংগ্ৰহ কৰি সেয়া ব্যৱসায়িক উদ্দেশ্যত ব্যৱহাৰ কৰিছে।
ৰাজ্যিক তথ্য কেন্দ্ৰ
বিভিন্ন বিভাগৰ আইচিটি সম্পত্তিক ৰক্ষণাবেক্ষণ প্ৰদান কৰি ৰাজ্যিক তথ্য কেন্দ্ৰই ইয়াত নিৰ্ভৰযোগ্যতা, উপলব্ধতা, নিৰাপত্তা আৰু কামত খটুৱাব পৰা আদি গুণৰ সমাহাৰ ঘটাইছে। ৰাজ্যিক তথ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন আবেদন আৰু কাৰ্য সমূহ হৈছে-