মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ তথ্য-প্ৰযুক্তি অসম ইলেকট্ৰনিক্স উন্নয়ন নিগম পৰিসীমিত

এমট্ৰন শিক্ষা কেন্দ্ৰ ফ্ৰেনচাইজীৰ বাবে নিৱন্ধন

মূল বিষয়:

  • এমট্ৰনে কম্পিউটাৰ আৰু এনইআইএলটি উভয় পাঠ্যক্ৰম পৰিচালনা কৰে।
  • আগ্ৰহী ব্যক্তি বা সংস্থাই এই পাঠ্যক্ৰম সমূহৰ বিষয়ে সবিশেষ জানিবৰ বাবে কাৰিকৰী তথা প্ৰযুক্তি বিভাগৰ প্ৰধান জনক যোগাযোগ পাৰে।(লিখিত/মৌখিক)
  • প্ৰ-পত্ৰ পূৰণৰ সময়ত কেৱল বৰফলা আখৰহে ব্যৱহাৰ কৰিব।
  • প্ৰ-পত্ৰৰ সকলো খালী ঠাই সঠিক তথ্যৰে পূৰণ কৰাটো বাঞ্চনীয়।
  • অনলাইন পেমেণ্টৰ লিংক অনুতিপলমে নাগৰিকৰ বাবে মুকলি কৰি দিয়া হ’ব।
  • পাচপোৰ্ট আকাৰৰ ফটো আৰু বয়সৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাটো বাধ্যতামূলক।

মূল বিষয়

উত্তৰ-পূৰ্বাঞ্চলত কম্পিউটাৰ সচেতনতা আৰু মানদণ্ডসম্পন্ন শিক্ষাৰ প্ৰসাৰক এমট্ৰনে সৰ্বাধিক প্ৰাধান্য প্ৰদান কৰি আহিছে। আৰু সেইবাবেই এমট্ৰনে নিজস্ব কম্পিউটাৰ শিক্ষা প্ৰতিষ্ঠান তথা ফ্ৰেনচাইজী নেটৱৰ্ক স্থাপনৰ যোগেদি কম্পিউটাৰ প্ৰশিক্ষণ আৰু এনইআইএলটি উভয়ৰে বাবে পাঠ্যক্ৰমৰ আয়োজন কৰে। তদুপৰি এমট্ৰন শিক্ষা কেন্দ্ৰই অ’পেন চ’ৰ্চ, নেটৱৰ্ক আৰু মাল্টিমিডিয়াৰ দৰে উচ্চ ক্ষমতা সম্পন্ন প্ৰশিক্ষণ পাঠ্যক্ৰমৰ আয়োজন কৰাৰ সপোন পুহি ৰাখিছে।

প্ৰ-পত্ৰ পূৰণৰ নিৰ্দেশনা

প্ৰ-পত্ৰ পুৰণৰ সময়ত তলৰ নিৰ্দেশনা সমূহ মানি চলাটো বাঞ্চনীয়:

  • প্ৰ-পত্ৰ পূৰণ কৰিবৰ বাবে বৰফলা আখৰ ব্যৱহাৰ কৰিব।
  • বৰ্গাকাৰ ক্ষেত্ৰসমূহ পূৰণ কৰোতে এটাকৈ খালী বৰ্গ এৰি চলাটো বাধ্যতামূলক।
  • সকলোবোৰ খালী ঠাই সঠিক তথ্যৰে পূৰণ কৰিব লাগিব।

ফ্ৰেনচাইজী প্ৰ-পত্ৰ:

পাঠ্যক্ৰম: http://et.amtron.in/amtron_course.pdf

প্ৰমানপত্ৰ আৰু ডিপ্ল’মা পাঠ্যক্ৰম: http://et.amtron.in/Fee_Structure.pdf

ফ্ৰেনচাইজী প্ৰ-পত্ৰ:

আবেদন মাচুল:১০০০ টকা

পঞ্জীয়ন মাচুল:২০,০০০ টকা

  • পঞ্জীয়ন মাচুল এবাৰতে বা ১০,০০০ টকাকৈ দুটা কিস্তিত পৰিশোধ কৰিব পাৰি।
  • একেবাৰতে মাচুল পৰিশোধ কৰাসকললৈ ৫০০ টকাৰ ৰেহাইৰ ব্যৱস্থা আছে।

মাচুল

অনলাইন লেনদেনৰ সংযোগ অতি সোনকালে কৰাৰ ব্যৱস্থা কৰা হৈছে।

আৱশ্যকীয় নথি-পত্ৰ

ফ্ৰেনচাইজী প্ৰ-পত্ৰ

  • শিক্ষাগত প্ৰমাণপত্ৰ
  • পাচপোৰ্ট ফটো (সৰ্বাধিক 50KB)
  • চহী (সৰ্বাধিক 20KB)

কিদৰে আবেদন কৰিব

  • প্ৰ-পত্ৰ পূৰণ কৰক।
  • ওপৰত উল্লিখিত নিৰ্দেশনাসমূহ পালন কৰক।
  • প্ৰয়োজনীয় নথি-পত্ৰসমূহ গাঁথি দিয়ক।
  • মাচুল পৰিশোধ কৰক।

সেৱাৰ প্ৰকাৰ

 

পূৰণ কৰিব লগীয়া প্ৰ-পত্ৰ

ফ্ৰেনচাইজী ফৰ্ম

যোগাযোগ কৰক

শিক্ষণ আৰু প্ৰশিক্ষণ শাখা, গুৱাহাটী
অসম ইলেকট্ৰনিক্স বিকাশ নিগম লিমিটেড
ঔদ্যোগিক এলেকা, বামুণীমৈদান, গুৱাহাটী- ৭৮১০২১
education@amtron.in, দুৰভাষ: +৯১-০৩৬১-২৭২৪২০৯

শিক্ষণ আৰু প্ৰশিক্ষণ শাখা, যোৰহাট
প্ৰিন্স অৱ ৱেলচ্ পলিটেকনিক প্ৰতিষ্ঠানৰ সমীপত
গড়ালি, যোৰহাট- ৭৮৫০০১
amtron.jht@gmail.com, দুৰভাষ: +৯১-০৩৭৬-২৩০৪৩০৫

জিলা কম্পিউটাৰ কেন্দ্ৰ, কামৰূপ
টি.চি. ছোৱালী হাইস্কুল প্ৰাংগন
গুৱাহাটী-৭৮১০০৩, অসম

জিলা কম্পিউটাৰ কেন্দ্ৰ, যোৰহাট
চৰকাৰী বালক হাইস্কুল
যোৰহাট-৭৮৫০০১, অসম

শিক্ষণ আৰু প্ৰশিক্ষণ শাখা, উত্তৰ গুৱাহাটী
টাউন কমিতি বিল্ডিঙ, দ্বিতীয় মহলা
মধ্যমখণ্ড, শিলসাঁকো, কামৰূপ-৭৮১০৩০

শিক্ষণ আৰু প্ৰশিক্ষণ কেন্দ্ৰ, মিৰ্জা
পলাশবাৰী মণ্ডল কাৰ্য্যালয় প্ৰাংগন,
মিৰ্জা, কামৰূপ (গ্ৰাম্য)-৭৮১১২৫