অসম ই-জিলা আচঁনি হৈছে ৰাষ্ট্ৰীয় ই-প্ৰশাসন আচ৬নিৰ অধীনৰ এক মিশন মোড প্ৰকল্প। অই আচঁনি অসম চৰকাৰৰ তথ্য-প্ৰযুক্তি বিভাগৰ দ্বাৰা আৰম্ভ কৰা হয়। এই আচঁনিয়ে চৰকাৰ আৰু জনসাধাৰণৰ মাজত অন্তৰংগতা বৃদ্ধি মাধ্যমেৰে বাৰ্তালাপৰ অভিজ্ঞতা অধিক উন্নত মানদণ্ড সমৃদ্ধ কৰাৰ লক্ষ্য স্থিৰ কৰিছে। ইয়াৰ উপৰিও জিলা সমূহৰ কাৰ্যদক্ষতা বৃদ্ধি কৰি জনসাধাৰণলৈ যতি নপৰা সেৱা প্ৰদানৰ বিষয়টো ইয়াৰ প্ৰধান লক্ষ্য হিচাপে গ্ৰহণ কৰিছে।
ই-জিলা আচঁনিয়ে ৰাজ্যৰ ২৭ খন জিলাতে চৰকাৰী সেৱাসমূহ আগবঢ়োৱাৰ আচঁনি গ্ৰহণ কৰিছে। এই প্ৰক্ৰিয়াৰে প্ৰত্যেক ব্যক্তিয়ে তেওঁৰ স্থানীয় অঞ্চলত ইণ্টাৰনেট, অৰুণোদয় সাধাৰণ সেৱা কেন্দ্ৰ, সাৰ্বজনীন সুবিধা কেন্দ্ৰৰ সেৱাৰ মাধ্যমেৰে চৰকাৰী সেৱাৰ বিষয়ে সকলোখিনি জনাৰ উপৰিও ইয়াৰ লাভ গ্ৰহণ কৰিব পাৰিব। নাগৰিককেন্দ্ৰীক সেৱাসমূহ বৈদ্যুতিন মাধ্যমেৰে জনসাধাৰণলৈ আগবঢ়োৱা কাৰ্যই এক বহনযোগ্য খৰচত এই সেৱাৰ দক্ষতা, স্বচ্ছতা আৰু নিৰ্ভৰযোগ্যতা সুনিশ্চিত কৰিব। সাৰ্বজনীন সুবিধা কেন্দ্ৰসমূহ জিলা পৰ্যায়ত, মহকুমা আৰু মণ্ডল পৰ্যায়ত স্থাপন কৰা হৈছে আৰু ইয়াৰ বিপৰীতে গাওঁ অঞ্চলৰ বাবে অৰুণোদয় সাধাৰণ সেৱা কেন্দ্ৰ স্থাপন কৰা হৈছে।
পোনপটীয়া দায়িত্বশীল ব্যক্তি: জ্যোতি প্ৰসাদ, অতিৰিক্ত সঞ্চালক
অধিক জানিবৰ বাবে ক্লিক কৰক:অসম ই-জিলা প্ৰকল্প