মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ তথ্য-প্ৰযুক্তি অসম ইলেকট্ৰনিক্স উন্নয়ন নিগম পৰিসীমিত

ই-প্ৰশাসন

ৰাজ্যিক পোৰ্টেল আৰু ৰাজ্যিক সেৱা ডেলিভাৰী গেটৱে

ৰাষ্ট্ৰীয় ই-প্ৰশাসন পৰিকল্পনাৰ লক্ষ্য হৈছে সাধাৰণ সেৱা প্ৰদান কেন্দ্ৰৰ জৰিয়তে সকলো চৰকাৰী সেৱাৰ উপযোগীতা, স্বচ্ছতা আৰু নিৰ্ভৰযোগ্যতা সুনিশ্চিত কৰি এটা বহনযোগ্য খৰচত জনসাধাৰণলৈ এই সেৱা আগবঢ়োৱা আৰু জনসাধাৰণৰ মৈলিক প্ৰয়োজনীয়তা পূৰণ কৰা। এই লক্ষ্যত উপনীত হ’বলৈ প্ৰয়াস কৰাৰ চৰকাৰৰ প্ৰধান উদ্দেশ্য হৈছে সঠিক মঞ্চ আৰু প্ৰযুক্তিৰ ব্যৱহাৰেৰে তথ্য প্ৰযুক্তিক সহযোগীতা, একেলগে কাৰ্য সম্পাদন কৰাৰ প্ৰয়াস আৰু ঐক্যৰ দোলেৰে বান্ধ খুওৱা আৰু এই ভাগেই ইয়াক বিভিন্ন ভৌগোলিক স্থানলৈ প্ৰসাৰিত কৰা যিটো প্ৰকৃতাৰ্থত এক প্ৰত্যাহ্বানজনক কাৰ্য।
ৰাজ্যিক পোৰ্টেল:
এনঈজিপিৰ অধীনত অসম ই-জিলাৰ লগতে ৰাজ্যিক পোৰ্টেল গঢ়ি তোলাৰ উদ্দেশ্য হৈছে দূৰ সংযোগ ব্যৱস্থাৰেও সাধাৰণ সেৱা কেন্দ্ৰ আৰু সাৰ্বজনীন সুবিধা কেন্দ্ৰৰ মাধ্যমেৰে জনসাধাৰণলৈ সহজ আৰু উপযুক্ত সেৱা প্ৰদান কৰা।


ৰাজ্যিক ই-প্ৰশাসন সেৱা প্ৰদানৰ দুৱাৰমুখ:
ৰাজ্যিক ই-প্ৰশাসন সেৱা প্ৰদানৰ দুৱাৰমুখ হৈছে এনঈজিপিৰ অধীনৰ ই-প্ৰশাসন ব্যৱস্থাৰ এটা গুৰুত্বপূৰ্ণ অংশ যিয়ে চৰকাৰী সেৱা সমূহ জনসাধাৰণে ঢুকি পোৱাটো সহজলভ্য কৰে। ই মান ভিত্তিক বাৰ্তা প্ৰেৰণ বুটাম ৰূপে কাৰ্য সম্পাদন কৰি বাধাহীন কাম-কাজ পৰিচালনা কৰি বিভাগসমূহৰ মাজত তথ্যৰ আদান-প্ৰদানৰ কাৰ্য সম্পাদন কৰে।ৰাজ্যিক ই-প্ৰশাসন সেৱা প্ৰদানৰ দুৱাৰামুখ ৰ কাৰ্যসমূহ হৈছে-

  • ৰাজ্যিক ই-প্ৰশাসন সেৱা প্ৰদানৰ দুৱাৰমুখে সেৱা লাভ কৰিবলৈ বিচৰা (নাগৰিক আৰু ব্যৱসায় সম্বন্ধীয়), বিভিন্ন সেৱা প্ৰদানকাৰী অনুষ্ঠান (চৰকাৰী বিভাগ) আৰু আনকি চৰকাৰী বিভাগসমূহৰ মাজত সমন্বয়ৰ কেন্দ্ৰ হিচাপে কাম কৰে।
  • সমগ্ৰ নেটৱৰ্কৰ এক বিশাল অংশৰ আদান প্ৰদানৰ কাৰ্য ই পৰিচালনা কৰে।
  • ত্ৰুটিহীন আভ্যন্তৰীণ কাৰ্য সম্পাদন কৰি বিভাগসমূহৰ মাজত তথ্যৰ আদান প্ৰদান সম্পন্ন কৰে।
  • আন্ত:বিভাগীয় কাৰ্যসমূহৰ পৰিচালনা আৰু সমন্বয় সাধন কৰে লগতে চৰকাৰৰ সকলো আদান প্ৰদানৰ কাৰ্য পৰিচালনা কৰে।
  • ৰাজ্যিক পোৰ্টেল আৰু ৰাজ্যিক বিভাগীয় সেৱাৰ মাজত বাৰ্তা আদান প্ৰদানৰ মাধ্যম কেন্দ্ৰ ৰূপে কাম কৰে।